Q: ছন্দ কাক বোলে?
Ans: শব্দৰ বিন্যাসৰ প্ৰকাৰৰ ফলত ওপজা সৌন্দৰ্যকেই ছন্দ বোলা হয়। অৰ্থাৎ, কথনভংগীৰ লয় আৰু তাৰ মাজৰ হ্ৰস্ব-দীৰ্ঘ বিৰাম বা যতিয়ে যি শ্ৰুতিমধুৰ ধ্বনিতৰংগ সৃষ্টি কৰে, তাকেই ছন্দ বোলা হয়।
মানুহৰ অন্তৰত উদয় হোৱা ভাব-অনুভূতিক লয়যুক্ত শব্দ বিন্যাসেৰে প্ৰকাশ কৰিব পৰা পদ্ধতিকেই ছন্দ বোলা হয়। বিভিন্ন ছন্দসজ্জাত প্ৰকাশিত ভাব-অনুভূতিয়ে শ্ৰোতা বা পাঠকৰ মনত অপূৰ্ব আলোড়নৰ সৃষ্টি কৰিব পাৰে। অন্য কথাত, সুসংহত আৰু সুনিয়ন্ত্ৰিত মাধুৰ্যপূৰ্ণ স্পন্দনময় ধ্বনি প্ৰৱাহৰ বৈচিত্ৰ্যময় বিন্যাসেই হৈছে ছন্দ।
উদাহৰণস্বৰূপে:
“পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান।
ফল-ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান।”
এই পদফাঁকিত উপস্থাপিত শব্দসমূহ একোটা নিৰ্দিষ্ট নিয়মিত বিৰতিৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা কাৰণে ইয়াৰ ৰচনা লালিত্য আৰু অৰ্থব্যঞ্জনা দুয়োটাই প্ৰকাশিত হৈছে। এনেদৰে ছন্দসজ্জাৰে প্ৰকাশিত হৈ ই পাঠকৰ মনত অপূৰ্ব আনন্দৰ সৃষ্টি কৰিছে।
মূলতঃ, ছন্দ মানুহৰ ভাব-অনুভূতি প্ৰকাশৰ এটা উৎকৃষ্ট মাধ্যম বুলি ক’ব পাৰি। ই কবিতাক এক সুন্দৰ আৰু মধুৰ ৰূপ দিয়ে, যাৰ জৰিয়তে কবিতাই পাঠক বা শ্ৰোতাক এক বিশেষ আনন্দ দিয়ে।

Hi, I’m Kasturi, the founder of AssameseJewellery.com.I started this platform to share my love for Assamese jewellery and the beautiful traditions behind it. Growing up in Assam, I saw how each ornament tells a story, and I want the world to experience that magic.Through my blogs and guides, I hope to keep our heritage alive and help more people discover the true beauty of Assamese craftsmanship.Hi, I’m Kasturi, the founder of AssameseJewellery.com.I started this platform to share my love for Assamese jewellery and the beautiful traditions behind it. Growing up in Assam, I saw how each ornament tells a story, and I want the world to experience that magic.Through my blogs and guides, I hope to keep our heritage alive and help more people discover the true beauty of Assamese craftsmanship.
Warm regards, Kasturi 🌸